April 1, 2024 8:16 PM April 1, 2024 8:16 PM

views 6

দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, প্ৰথমবাৰৰ বাবে দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে, যোৱাটো বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি খণ্ডত বৃদ্ধিৰ হাৰ আছিল ৩২ শতাংশৰো অধিক আছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ভাৰতৰ প্ৰ...

April 1, 2024 7:49 PM April 1, 2024 7:49 PM

views 7

আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

♦ নেচনেচ ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহ হৈছে পেইনকিলাৰ, এণ্টি ভাইৰেল, এণ্টি বায়'টিক, এণ্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্ৰ ৰোগৰ ঔষধ আদি। তদুপৰি কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব।

April 1, 2024 7:37 PM April 1, 2024 7:37 PM

views 34

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্...

April 1, 2024 7:24 PM April 1, 2024 7:24 PM

views 69

মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

♦ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমর্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটি চাইকেল ৰেলীত অংশগ্ৰহণ কৰ...

April 1, 2024 6:56 PM April 1, 2024 6:56 PM

views 15

অসমত তিনিটা পৰ্যায়ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা

ৰাজ্যত তিনিটা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নির্বাচন অনুষ্ঠিত সমষ্টিসমূহত প্রশাসনে বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে ১৪টা লোকসভা সমষ্টিত এই নির্দেশনা প্রযোজ্য হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভ...

April 1, 2024 6:52 PM April 1, 2024 6:52 PM

views 22

লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

আসন্ন লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। প্রিজাইডিং আৰু প্ৰথম প’লিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় প'লিং বি...

April 1, 2024 6:50 PM April 1, 2024 6:50 PM

views 20

লোকসভা নির্বাচন সন্দৰ্ভত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৰ সংবাদমেল

তামুলপুৰৰ সৌৰাগুৰিস্থিত বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্রমোদ বড়োৱে সমাগত লোকসভা নির্বাচন সন্দৰ্ভত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, তেওঁলোকৰ শাসনকালত অসম তথা বি টি আৰৰ উন্নয়ন হোৱাৰ পৰিৱৰ্তে হত্যা, হিংসা আৰু বৃহৎ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল। ...

April 1, 2024 6:44 PM April 1, 2024 6:44 PM

views 19

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ই ভি এমসমূহ বিতৰণ পূৰ্বে আজি পৰীক্ষা কৰা হয়

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ই ভি এমসমূহ বিতৰণ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্রহণ কেন্দ্ৰসমূহত ই ভি এম, ভি ভি পেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। উল্লেখ...

April 1, 2024 6:31 PM April 1, 2024 6:31 PM

views 27

ৰাজ্যৰ ভিন্ন প্ৰান্তত দেওবাৰে শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি অহা শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। ধুমুহা, বজ্ৰপাত আৰু নাও দুৰ্ঘটনাত চাৰি গৰাকী লোকৰ মৃত্যু হৈছে। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত এগৰাকীকৈ লোকৰ প্রাণহানি হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষ...

April 1, 2024 1:07 PM April 1, 2024 1:07 PM

views 40

অসমৰ ১৯ বিধ সামগ্ৰীৰ জি আই টেগ লাভ, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তিঃ মুখ্যমন্ত্ৰী

অসমৰ ১৯ বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্রাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহু ঢোল, জাপি, মিচিং হস্ত-তাঁত সামগ্রী, পানী মেটেকা শিল্প আৰু আশাৰীকান্...