May 30, 2024 8:06 PM

views 23

কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ ২৮জন লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি

কামৰূপ জিলাৰ মির্জাত খাদ্যত বিষক্রিয়া হৈ অসুস্থ হৈ পৰা শিশুসহ ২৮জন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ১২জন লোকক জৰুৰীকালীনভাৱে চিকিৎসা সেবা আগবঢ়াবলগীয়া হৈছে। বাকীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পতাল কর্তৃপক্ষই প্রকাশ কৰিছে। জানিব পৰা মতে যোৱা ২৮ মে'ত মির...

May 30, 2024 8:04 PM

views 29

১৪টা সংসদীয় সমষ্টিত হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কত কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল

৪ জুনত দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন। দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিতো হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পর্কে কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল সম্বোধন কৰিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে দিছপুৰৰ জনতা ভৱনত চাৰে ১১ বজাত সংবাদমেলখন সম্বোধন কৰিব।

May 30, 2024 8:02 PM

views 19

সামাজিক মাধ্যমক ব্যৱসায়িক উদ্দেশ্যেৰে ব্যৱহাৰৰ কৰাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষীক নিলম্বন

অসম আৰক্ষীয়ে সামাজিক মাধ্যমক ব্যবসায়িক উদ্দেশ্যেৰে ব্যৱহাৰ কৰি লাভ অৰ্জন কৰাৰ অভিযোগত এগৰাকী মহিলা আৰক্ষীক দায়িত্বৰ পৰা নিলম্বন কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰী বিষয়াই এনে ধৰণৰ ব্যৱসায়িক কার্যকলাপ চলোৱাটো নীতিবর্হিভূত কার্য। আৰক্ষী...

May 30, 2024 8:01 PM

views 30

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত, বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত, বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰী, গৃহিনী তথা মহিলা কৰ্মচাৰী সকলৰ মাজত মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত ল'বলগীয়া চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় ...

May 30, 2024 7:06 PM

views 25

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোগ দিৱসৰ পূৰ্বে সাদিনীয়াকৈ এটা কাৰ্যসূচীও জিলাখনত গ্ৰহণ কৰা হ'ব। এই বৈঠকত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা আয়ুষৰ সঞ্চালকৰ ...

May 30, 2024 7:01 PM

views 27

কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ কাইলৈ অন্ত পৰিব। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যাখনত কাইলৈৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ ল...

May 30, 2024 6:59 PM

views 15

ৰঙিয়াত প্রয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত

প্রয়াত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰঙিয়াত আজি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অগপ দলৰ জিলা সমিতিয়ে ৰঙিয়া প্ৰগতি সংঘৰ বাকৰিত আয়োজন কৰা অনুষ্ঠানটোত প্রয়াত বড়োৰ পৰিয়ালবৰ্গৰ লগতে অগপ আৰু বিজেপিৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক তথা স্থানীয় লো...

May 30, 2024 6:31 PM

views 27

ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘূৰ্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। ৰাজ্যখনৰ কমেও ৮ খন জিলা নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলঙৰ ১৪৩ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত ২৬ হাজাৰৰো অধিক লোক আৰু ১৯...

May 30, 2024 6:05 PM

views 32

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্রহণ হ'ব। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ...

May 30, 2024 5:38 PM

views 20

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু ...