June 3, 2024 6:04 PM

views 26

অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত বৰ্তমানলৈ ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৩ খন জিলাৰ ৫৬৪ খন গাঁও প্লাৱিত হোৱাৰ ল...

June 3, 2024 6:03 PM

views 31

২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ২১ শতিকাৰ বিশ্বই ভাৰতলৈ বহু আশাৰে চাই আছে। এখন পত্রযোগে দেশবাসীলৈ নিজৰ মনোভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে, জনসমর্থক সু-শাসন, আদৰ্শ জিলা আৰু আদৰ্শ ব্লকৰ দৰে আঁচনিসমূহৰ বিষয়ে গোলকীয় স্তৰত আলোচনা হৈ আছে। তেওঁ কয় যে, কেৱল ১০ বছৰত ২৫ ক...

June 3, 2024 6:01 PM

views 17

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। এই অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে NPEP ৫খন, NCP তখন, PPA- য়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আস...

June 3, 2024 5:59 PM

views 24

কাইলৈ হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফল...

June 3, 2024 11:58 AM

views 29

৮-৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচী

অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৮ আৰু ৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালি মন্দিৰ প্ৰাংগণত দুদিনীয়া যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপি কেন্দ্ৰৰ উদ্যোগত তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, জ্যোতিনগৰ আৰু সদৌ অসম যোগ মহাসংঘৰ সৌজন্যত এই...

June 3, 2024 11:56 AM

views 20

অসমৰ কামৰূপ জিলাত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

অসমৰ কামৰূপ জিলাৰ মৰাভিঠাত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে। ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপত এই প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ফলত অসম, উত্তৰ-পূব ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত অনন্য কেন্দ্ৰ হিচাপে পৰি...

June 3, 2024 11:48 AM

views 25

অসমত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল...

June 3, 2024 11:30 AM

views 28

আই চি চি টি-টুৱেণ্টি বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পাপুৱা নিউগিনি ৫ উইকেটত পৰাজিত

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক ৫ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৩৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন ছেজে স...

June 3, 2024 11:26 AM

views 17

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ড° কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ড° পীয়ুষ ৰঞ্জনে অংশগ্রহণ কৰিব। আলোচনাটি চলি থকাৰ সম...

June 3, 2024 11:22 AM

views 26

বিজেপিক পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে, NPEP ৫খন, NCP ৩খন, PPAয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি ...