June 3, 2024 7:58 PM

views 34

ৰৌনক আলী হাজৰিকাৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আয় বর্হিভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ এখন আবেদন আজি নাকচ কৰে। বৈধ আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই অভিযুক্ত হাজৰিকাই উচ্চ ন্যা...

June 3, 2024 7:55 PM

views 37

লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ মৃত সুনীল গগৈ নামৰ ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হৈ আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই হত্যা কৰিছিল।

June 3, 2024 7:53 PM

views 29

ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে কাইলৈ ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়-বস্তু পৰিবাহী যান-বাহনৰ চলাচল পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হ'বলগীয়া মণিৰাম দেৱান টেড চেণ...

June 3, 2024 7:50 PM

views 32

ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয়

ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ'ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কাজিৰঙা সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ হৈ ৰ'জলিনা তিৰ্কী, বিজেপিৰ হৈ কামাখ্যা প্ৰসাদ তাছাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। যোৰহাট সমষ্টিত বিজেপিৰ হৈ তপন কুমাৰ গগৈ, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টি...

June 3, 2024 7:01 PM

views 71

আকাশবাণীৰ প্লাবিক স্পীকত আজি গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা

আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্ম প্রবাহৰ সময়ত নিৰাপদে থকাৰ সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য ড° কৃষ্ণ এছ বৎস আৰু এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ড° পীয়ুষ ৰঞ্জনে অংশগ্রহণ কৰিব। আলোচনাটি চলি থকাৰ সম...

June 3, 2024 6:45 PM

views 30

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ

দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো ৫২টা কেন্দ্ৰত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ ৩০ মিনিট পাছত ইভিএম মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটার্ণিং বিষয়া থকা জিলাৰ ভোটগণনা...

June 3, 2024 5:56 PM

views 35

কাইলৈ আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ...

June 3, 2024 5:54 PM

views 29

মধ্যপ্ৰদেশৰ ৰাজগড়ত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি শ্রীজগদীপ ধনখড়ে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, পথ দুৰ্ঘটনাৰ বাতৰিটো অতি দুখজনক আৰু আঘাতপ্ৰাপ্ত সকল শীঘ্ৰেই আৰোগ্য হোৱাটো কা...

June 3, 2024 5:51 PM

views 30

মধ্যপ্ৰদেশৰ ৰাজস্থান-ৰাজগড় সীমান্তত সংঘটিত এটা পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু

মধ্যপ্ৰদেশৰ ৰাজস্থান-ৰাজগড় সীমান্তত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আঘাতপ্রাপ্ত হৈছে। ইয়াৰে দুজন লোকৰ অৱস্থা সংকটজনক হৈ আছে। আঘাতপ্রাপ্তসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজগড়ৰ আয়ুক্ত হর্ষ দীক্ষিতে সংবাদমাধ্যমত জনাইছে যে, বিবাহ উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দ...

June 3, 2024 6:50 PM

views 30

৬৪২ নিযুত ভোটাৰে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি ৰাজীৱ কুমাৰৰ প্ৰকাশ

লোকসভা নিৰ্বাচনত কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি এখন সংবাদমেলত এইবিষয়ে প্রকাশ কৰি কয় যে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু স্বচ্ছতা বজাই ৰাখি কাইলৈ এই ভোটগণনা সম্পন্ন হ'ব। মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে লগ...