June 13, 2024 7:21 PM

views 27

অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অজিত দোভালক যোৱা ১০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তিত অনুমোদন জনাইছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সামৰণিলৈ বা পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়া পর্যন্ত তেওঁৰ কাৰ্যকাল অব্যাহত থাকিব। ইপিন...

June 13, 2024 7:19 PM

views 16

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।

June 13, 2024 7:17 PM

views 22

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ দেহাৱসান

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ আজি নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। নেত্ৰীগৰাকীৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰিছে।

June 13, 2024 7:03 PM

views 34

নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বিচৰণৰ ফলত জনসাধাৰণৰ মাজত আতংক

গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে দিনৰ ভাগতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেকুজান চাহ বাগিচা, দৈগ্ৰোং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত ...

June 13, 2024 7:01 PM

views 30

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।

June 13, 2024 6:57 PM

views 31

চৰাইদেউত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ

চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে। যিসকল কৃষকে পি এম কিষাণ প'ৰ্টেলত ই কে ৱাই চি সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই, তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেইমেণ্ট ...

June 13, 2024 6:54 PM

views 28

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত...

June 13, 2024 6:34 PM

views 16

অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহলৈ নিৰ্দেশ জাৰি

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰ...

June 13, 2024 6:21 PM

views 23

বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ ...

June 13, 2024 6:20 PM

views 39

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত ১২ জন লোকক আটক কৰে। আৰক্ষীয়ে মায়ং, লাহৰিঘাট, ভুৰাগাঁও, বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক, চেকবুক, পানকাৰ্ড, আধাৰকাৰ্ড, মোবাইল ফোন, লেপটপসহ বহ...