June 23, 2024 8:03 PM

views 32

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চি বি আইৰ তদন্ত আৰম্ভ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰ্যালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আইয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন...

June 23, 2024 7:44 PM

views 21

ৰাজ্যৰ ভিন্ন প্ৰান্তত ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ পূৰ্ণ তিথি উপলক্ষে বলিদান দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ জালাহস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পার্টি ককলাবাৰী মণ্ডল সমিতিৰ উদ্যোগত ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ পূৰ্ণ তিথি উপলক্ষে আজি বলিদান দিৱস পালন কৰা হয়। অনুষ্ঠানত দলীয় কার্যকর্তাসকলে মহান ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত মালাৰ্পণ, বন্তি প্ৰজ্বলন...

June 23, 2024 7:39 PM

views 19

ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে তিনিচুকীয়াৰ শৰৎ মৰাণৰ ভাৰতীয় দলত স্থান লাভ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুলিবিল গাঁৱৰ শৰৎ মৰাণে ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে। বিগত ১০ বছৰ ধৰি হেণ্ড বল খেলি অহা মৰানে ভাৰতীয় দলত স্থান লাভ কৰাত পৰিয়াল আৰু গাঁওবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। ইপিনে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতী...

June 23, 2024 7:35 PM

views 40

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। খেলখনত আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৯ অ’ভাৰ আৰু দুটা বলত...

June 23, 2024 7:30 PM

views 24

গোলাঘাটত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ  চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

সদৌ অসম ৰবিদাস সন্মিলন, গোলাঘাট জিলা সমিতিৰ উদ্যোগত তথা অখিল ভাৰতীয় ৰবিদাসীয় ধর্ম সংগঠনৰ সহযোগত আজি নুমলীগড়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰবিদাস সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱা হয়। এই সম্বর্ধনা অনুষ্ঠানত কেবিনেট মন্ত্রী অতুল ব...

June 23, 2024 7:26 PM

views 24

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা বিভিন্ন বেশ-ভূষাৰ সাধু, সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল- মাখল পৰিবেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালিৰ দিনটো...

June 23, 2024 7:22 PM

views 30

২৬ জুনত নলবাৰীত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অহা ২৬ জুনত নলবাৰীত অনুষ্ঠিত হ'ব। দিছপুৰৰ বাহিৰত হ'বলগীয়া চতুৰ্দশ মন্ত্ৰীসভাৰ বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। এই উদ্দেশ্যে আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত এখন প্রস্তুতি বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসন আৰু অন্য...

June 23, 2024 7:11 PM

views 31

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি আৰু খহনীয়া পৰিদৰ্শন

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কৰিমগঞ্জৰ বদৰপুৰ ঘাটত জলসম্পদ বিভাগৰ এখন শ্লুইছ গেট পৰিদৰ্শন কৰে। বৰাক নদীৰ বাঢ়নি পানীয়ে এই স্থানত সমস্যাৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী শ্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক জৰুৰীকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে...

June 23, 2024 12:43 PM

views 35

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ ২৬ৰ পৰা ২৮ জুনলৈকে গুৱাহাটী বিশ্ববিদ্যালয় নিৰীক্ষণ

গুৱাহাটী বিশ্ববিদ্যালয়ে চতুৰ্থ চক্ৰৰ মূল্যায়ন আৰু স্বীকৃতি প্ৰদানৰ বাবে আহিবলগীয়া ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদক আদৰিবলৈ সাজু হৈছে। বিশ্ববিদ্যায়খনৰ মূল্যায়নৰ বাবে অহা ২৬ৰ পৰা ২৮ জুনলৈকে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দলটোৱে বিশ্ববিদ্যালয়ৰ যাৱতীয় কার্যকলাপ সম্বন্ধে নিৰীক্ষণ...

June 23, 2024 12:40 PM

views 18

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা

 অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে অহা ২৯ আৰু ৩০ জুনত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। বিশদ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ASSAM AGRYCULTURAL UNIVERSITY @WWW.AAU.AC.IN ৱেব ছাইট চাব পাৰে ।