June 25, 2024 8:44 PM

views 7

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হৈছে

অষ্টাদশ লোকসভাত যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ সমান্তৰাল ভাৱে কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা অন্তর্ভূক্ত হোৱাৰ ফলত এইবাৰ নিম্নসদন জ্ঞান আৰু অভিজ্ঞতাৰ সমন্বয় ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি বিপ্লৱ কুমাৰ দেৱ, বাসৱ ৰাজ বুম্মাই, শিৱৰাজ সিং সৌহান, মনোহৰ লাল, এ...

June 25, 2024 8:41 PM

views 27

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

June 25, 2024 8:40 PM

views 22

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ দিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচদিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা শিক্ষাখণ্ডৰ ৩৬টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্...

June 25, 2024 8:38 PM

views 27

তামুলপুৰত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্য সকলে নাৱালকক ন্যায়, শিশুৰ শিক্ষা, যৌন নির্যাতন ৰোধ কৰা, শিশু শ্রম বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়তি অন্য বিষয় সমূহ ...

June 25, 2024 8:37 PM

views 24

মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযানত ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

বন বিভাগে মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইছৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ দুটা হস্তনির্মিত বন্দুক, বন্দুকৰ কুণ্ডা, মৃত হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, গুলী তৈয়াৰ কৰা ...

June 25, 2024 8:35 PM

views 21

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণ...

June 25, 2024 8:31 PM

views 27

অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন অৱকাশকালীন বিচাৰপীঠে, বিচাৰ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়...

June 25, 2024 8:24 PM

views 26

সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰৰ উপ-ৰাষ্ট্ৰপতি ধনখড়ে শপত বাক্য পাঠ কৰোৱায়

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী এল মুৰুগান আৰু ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ উপস্থিত থাকে।

June 25, 2024 7:07 PM

views 20

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ'ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অ...

June 25, 2024 7:07 PM

views 26

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।