June 27, 2024 7:48 PM

views 33

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 27, 2024 7:46 PM

views 37

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আ...

June 27, 2024 7:44 PM

views 18

ডিব্ৰুগড় নগৰত বিভিন্ন ঠাইত অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলোৱা দোকান-পোহাৰ উচ্ছেদ পৌৰনিগমৰ বিষয়াৰ

নৱগঠিত ডিব্ৰুগড় পৌৰনিগমৰ বিষয়াসকলে আজি নগৰখনৰ বিভিন্ন ঠাইত অভিযান চলাই অবৈধভাৱে ঠাই দখল কৰি ব্যৱসায় চলাই থকা দোকান-পোহাৰ উচ্ছেদ কৰে। জিলা আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত চলোৱা এই অভিযানত শান্তিপাৰাৰ সমীপৰ ৰ’টাৰী ৰোডৰ ফুটপাথটো বেদখল মুক্ত কৰে।

June 27, 2024 7:41 PM

views 33

 জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে শিৱসাগৰ পৌৰসভাৰ অনলাইন গুগল শ্বীটৰ ব্যৱস্থা

শিৱসাগৰ পৌৰসভাই নগৰখনৰ জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অনলাইন গুগল শ্বীটৰ ব্যৱস্থা কৰিছে। পৌৰসভাক অধিক জনমুখী কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি পৌৰ কৰ্তৃপক্ষই এখন সংবাদমেলযোগে জানিবলৈ দিছে। এই গুগল শ্বীটৰ জৰিয়তে নগৰখনৰ ৰাইজে পৌৰ এলেকাৰ বাট পথ, নলা-নর্দমা, স্ট্রিট লাইট...

June 27, 2024 7:38 PM

views 23

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ

অসম সাহিত্য সভা, মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচ...

June 27, 2024 7:38 PM

views 37

ওদালগুৰিৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কামৰ শুভাৰম্ভ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ

ওদালগুৰি জিলাৰ বি টি আৰ পৰিষদীয় সমষ্টিত নৱনিৰ্মিত কেইবাখনো আঁচনিৰ কাম আজি বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে শুভাৰম্ভ কৰে। বি টি আৰৰ পাঁচনৈ, চেৰফাং আৰু ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বাবে এই আঁচনিসমূহ সদস্যগৰাকীয়ে শুভাৰম্ভ কৰিছে। তেওঁ হাদাংগুৰি প্ৰাথমিক বিদ্যালয় চৌহদত এই উপ...

June 27, 2024 6:59 PM

views 22

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ ...

June 27, 2024 6:55 PM

views 5

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনা...

June 27, 2024 6:51 PM

views 25

আকাশবাণী গুৱাহাটী আৰু আঞ্চলিক বাতৰি বিভাগৰ প্রতিষ্ঠা দিৱসৰ সংগতি ৰাখি বাতৰি পৰিবেশনৰ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ’ বাণীবদ্ধ কৰি নিজৰ ...

June 27, 2024 6:49 PM

views 35

নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব ...