June 28, 2024 12:04 PM

views 70

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধি...

June 27, 2024 8:31 PM

views 33

ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা কৃষ্ণ আদৱানীক ঘৰলৈ যাবলৈ দিয়া হৈছে

প্রবীন বিজেপি নেতা লাল কৃষ্ণ আদৱানীক আজি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বার্ধক্যজনিত কিছু জটিলতাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা বর্ষিয়ান নেতাগৰাকীক এইমছত ভৰ্তি কৰোৱা হৈছিল। অসুস্থতাৰ বাবে ৯৬ বছৰীয়া নেতাগৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছিল।

June 27, 2024 8:24 PM

views 24

সংসদ ভৱনত বিহাৰ জনতা দলৰ সাংসদৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বার্তা যোগে শ্রীমোদীয়ে কয় যে, বিহাৰত বিজেপি আৰু J D U ই একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে যে, মুখ্যমন্ত্রী নীতিশ কুম...

June 27, 2024 8:22 PM

views 21

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। উচ্চ সদনৰ সদস্য হিচাপে কংগ্ৰেছৰ সাংসদ অখিলেশ প্রসাদ সিং, JMMৰ ডাঃ সৰফৰাজ আহমদ আৰু বিজেপিৰ প্ৰদীপ কুমাৰ বার্মা, বংশীলাল গুৰ্জাৰ, মায...

June 27, 2024 8:01 PM

views 18

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছেঃ ৰাষ্ট্ৰপতি মুর্মু

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠকত কার্যবিধি কিছুসময়ৰ বাবে অব্যাহত থকাৰ পাছত আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ভাষণ দি কয় যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা ...

June 27, 2024 7:59 PM

views 34

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংব...

June 27, 2024 7:56 PM

views 35

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবেশ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবেশ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বিহাৰৰ পাৰ্টনাৰ পৰা অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। চি বি আয়ে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ ক...

June 27, 2024 7:54 PM

views 35

ডিগবৈত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ মাদক দ্রব্য জব্দ

তিনিচুকীয়া জিলাৰ ডিগবৈত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্য জব্দ কৰে। ৩ নম্বৰ গোলাইৰ বিমান তালুকদাৰৰ ঘৰত অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্যসহ এখন গাড়ী, তিনিটা মোবাইল ফোন, দুখন পাছবুক আৰু প্ৰায় ১৭ হাজাৰ নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিমান তালুকদাৰৰ লগতে তেওঁৰ পত্নীক আটক কৰে...

June 27, 2024 7:51 PM

views 37

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত জিলা পথ সুৰক্ষা সমিতিৰ সভা

দৰং জিলাৰ আয়ুক্তৰ সভাপতিত্বত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত বাৰিষাৰ বতৰত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ বিভিন্ন অঞ্চলৰ বাট-পথসমূহৰ মেৰামতিৰ প্ৰসঙ্গই স্থান লাভ কৰে। তদুপৰি বাৰিষাৰ বৰষুণে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহত সৃষ্টি কৰা গাঁতসমূহ পূৰ কৰাৰ বাবে আয়ুক্তই সংশ্লিষ্...

June 27, 2024 7:50 PM

views 24

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে আজি দুয়োখ...