December 4, 2024 12:24 PM

views 29

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানত আয়োজিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সামৰণি

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান অর্থাৎ আই আই টিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়ে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, যে এই মহোৎসৱ...

December 4, 2024 12:22 PM

views 208

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন

 অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত কাইলৈ পুৱা ১০ বজাত বেলট বাকচ বন্ধ কৰা হ'ব। সভাৰ সভাপতি ডº সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বেলট বাকচসমূহ ব...

December 4, 2024 12:41 PM

views 30

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিডৰ আৰু গহপুৰ-নুমলীগড়ৰ সংযোগী সুৰগ পথৰ ভূমি অধিগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড'ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰা হ'ব। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অনুষ...

December 4, 2024 12:18 PM

views 12

ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষৰ বৈঠক

অসমৰ প্ৰাচীনতম ৰে'ল ষ্টেচন – ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটো উঠাই দিয়াৰ পৰিকল্পনা সন্দৰ্ভত কালি উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ত এখন বৈঠকৰ আয়োজন কৰে। ডিব্ৰুগড় জিলা প্ৰশাসন, ডিব্ৰুগড় পৌৰ নিগম আৰু ডিব্ৰুগড়ৰ কেইবাগৰাকীও নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰা এই বৈঠকত ৰে'ল কৰ্তৃপক্ষই ডিব্ৰুগড়ৰ বা...

December 4, 2024 12:17 PM

views 17

অশ্বিনী বৈষ্ণৱৰ সৈতে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সৈতে দ্রুতগামী ৰে'লেৰে সংযোগ দিয়াবলৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অনুৰোধ জনাইছে। কালি নতুন দিল্লীৰ সংসদ ভৱনত থকা ৰে'ল মন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডº শৰ্মাই অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ৰাজ্যখনৰ ৰে'ল যোগাযোগ ব্যৱস্থা সম্পৰ...

December 4, 2024 12:15 PM

views 11

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন

শ্বাৰজাহত চলি থকা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ নিজৰ তৃতীয়খন খেলত আজি ভাৰত ঘৰুৱা দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন হ'ব। গ্রুপ-এৰ আন এখন খেলত আজি ডুবাইত পাকিস্তানে জাপানৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন লীগ খেলত ভাৰত পাকিস্তানৰ হাতত পৰাজিত হৈছিল যদিও দ্বিতীয়খন খেলত...

December 4, 2024 12:13 PM

views 22

ভাৰত আৰু পাকিস্তানৰ মাজত আজি জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত

ওমানৰ মাস্কটত চলি থকা জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। বৰ্তমানৰ চেম্পিয়ন ভাৰতে কালি দ্বিতীয়খন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ খেলৰ ১০ মিনিটত দিলৰাজ সিং, ৪৫ মিনিটত ৰোহিত আৰু ৫২ মিনিটত সাৰদানন্দ তিৱাৰীয়ে গ'ল কেইটা কৰ...

December 4, 2024 12:11 PM

views 14

দক্ষিণ কোৰিয়াত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰৰ বিষয়ে ঘোষণা উন চুংক য়ুনৰ

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি উন চুংক য়ুনে দেশখনত বলৱৎ কৰা সামৰিক আইন প্রত্যাহাৰ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দেশখনত কালি সামৰিক শাসন বলৱৎ কৰাৰ ছঘণ্টাৰ পাছতেই সেই দেশৰ নেচনেল এচেম্বলীত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু ৰাষ্ট্ৰপতি য়ুনৰ মন্ত্ৰীসভাই এই সামৰিক আইন প্ৰত্যাহাৰ কৰাত অনুমোদন জনায়। ...

December 4, 2024 12:09 PM

views 22

সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান লোকসভাৰ সচিবালয়ৰ

লোকসভাৰ সচিবালয়ে সাংসদসকলক সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। সচিবালয়ে কালি প্ৰকাশ কৰা এই আহ্বানত কয়, যে সংসদৰ অধিৱেশন চলি থকা সময়ত প্ৰৱেশদ্বাৰত এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিলে সংসদৰ কাৰ্যক্ৰমণিকা বাধাপ্রাপ্ত হয় বুলি লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ সভা...

December 4, 2024 12:07 PM

views 18

নামিবিয়াত নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত

দক্ষিণ-পশ্চিম আফ্ৰিকাৰ দেশ নামিবিয়াত শাসনাধিস্থিত ছাউথ-ৱেষ্ট আফ্রিকা পিপলছ অর্গেনাইজেছন চমুকৈ স্বাপো দলৰ নেতা নেতুম্ব নাণ্ডি দিয়াতা দেশখনৰ নতুন ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছে। নামিবিয়াৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰূপে নির্বাচিত ৭২ বছৰীয়া দিয়াতা হৈছে প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। সদ্যসমাপ্ত ৰাষ্ট্ৰপতি ...