November 8, 2024 6:52 PM November 8, 2024 6:52 PM

views 1

নৱপ্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিতঃ কৃষিমন্ত্ৰী অতুল বৰা

কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ নৱ প্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ চিনামৰাৰ এখন বিদ্যালয়ৰ ভূমিত শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে ৰাজ্যৰ শৈক্ষিক প্রত...

November 8, 2024 6:50 PM November 8, 2024 6:50 PM

views 7

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য; ১৫০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত ১৫০গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ উপৰি অভিনয় জগতত দীৰ্ঘদিন ধৰি উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ বাবে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয় ...

November 8, 2024 6:48 PM November 8, 2024 6:48 PM

views 3

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত অংগনৱাড়ী কৰ্মী-সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান

দক্ষিণ কৰিমগঞ্জ সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত ৪৪টা অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত ১০টা কেন্দ্ৰত অংগনৱাড়ী কৰ্মী আৰু ৩৪ টা কেন্দ্ৰত অংগনৱাড়ী সহায়ক নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্রার্থীসকলে প্রয়োজনীয় নথি-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ দুটা ক’পীৰ লগতে নিৰ্ধাৰিত আৰ্হিত আৱেদন দাখিল কৰিব লাগি...

November 8, 2024 6:47 PM November 8, 2024 6:47 PM

views 6

গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীত তামিলনাডুৰ বিৰুদ্ধে অসমৰ প্রথম ইনিংছত ১০৭ ৰানৰ অগ্রগতি

তামিলনাডুৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা ৰঞ্জি ট্ৰফীৰ চাৰিদিনীয়া খেলখনত অসমে প্রথম ইনিংছত ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। তামিলনাডুৰ প্ৰথম ইনিংছত কৰা ৩৩৮ ৰানৰ প্ৰত্যুত্তৰত অসমে আজি তৃতীয় দিনা প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে। দিনটোৰ খেলৰ সামৰণিত তামিলনাডুৱে এটাও উইকেট নেহেৰুৱাকৈ ৮ ...

November 8, 2024 12:31 PM November 8, 2024 12:31 PM

views 4

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 8, 2024 12:29 PM November 8, 2024 12:29 PM

views 5

কিৰণ জৰ্জ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১-১৭, ১৯-২১,...

November 8, 2024 12:18 PM November 8, 2024 12:18 PM

views 11

ডাৰবানৰ কিংছমিডত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা মাজৰ টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ডাৰবানৰ কিংছমিডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয়খন খেল দেওবাৰে গেকেবেৰাত খেলোৱা হ'ব। তৃতীয়খন খেল চেঞ্চুৰিয়নত আৰু চতুর্থ তথা অন্তিমখন খেল জোহান্সবার্গত অনুষ্ঠিত ...

November 8, 2024 12:16 PM November 8, 2024 12:16 PM

views 6

অৰ্জুন এৰিগেইছী এফ আই ডি ই বিশ্ব দবা ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত

ভাৰতৰ উদীয়মান দবা খেলুৱৈ অৰ্জুন এৰিগেইছীয়ে কালি চেন্নাই গ্ৰেণ্ড মাষ্টাৰ্ছ প্রতিযোগিতাৰ তৃতীয় ৰাউণ্ডত এলেক্সি ছাৰানাৰ বিৰুদ্ধে জয় লাভ কৰাৰ সুবাদত এফ আই ডি ই বিশ্ব দবা ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত হৈ ইতিহাস ৰচনা কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীৰ এই সাফল্যই তেওঁৰ ক্ষীপ্ৰ উত্থানক প্ৰতিফলিত কৰিছে। ছা...

November 8, 2024 12:07 PM November 8, 2024 12:07 PM

views 7

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। দুদিনীয়া এই মহোৎসৱৰ মূল লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি, সামৰিক ইতিহাস আৰু সামৰিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বেচ্চাসেৱী সংস্থা, শিক্ষাবিদ, আৰু গৱেষক ...

November 8, 2024 12:35 PM November 8, 2024 12:35 PM

views 16

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত...