December 16, 2025 12:12 PM December 16, 2025 12:12 PM

views 17

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত আজি দেশত বিজয় দিৱস উদযাপন

সমগ্র দেশে আজি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান...

December 16, 2025 12:09 PM December 16, 2025 12:09 PM

views 6

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এখন উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন কৰি দিছে। সমন্বয়ৰক্ষী সমিতিয়ে ইতিপূৰ্বে গঠন কৰি দিয়া চাৰিজনীয়া ক’ৰ কমিটীয়ে ৰাজ্যৰ দহগৰাকী বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰি এই...

December 16, 2025 12:07 PM December 16, 2025 12:07 PM

views 8

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে সদনৰ প্রশ্নোত্তৰকালত এ...

December 16, 2025 12:06 PM December 16, 2025 12:06 PM

views 9

কামৰূপ মহানগৰ জিলাৰ চি জে এম আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্রহণ কৰা হ'ব। অভিযুক্ত পক্ষক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদানৰ বাবে এছ আই টিৰ দল বাক্সা আৰু হাফলঙলৈ ৰাওনা হৈছে। এই প্রতিলিপি তেওঁলোকে লাভ কৰাৰ পাছতেই সাতোগৰাকী অভিযুক্তক আজি আদালতত ভ...

December 16, 2025 12:04 PM December 16, 2025 12:04 PM

views 6

ৰাজ্যৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাসৰ বাবে সৰ্বশিক্ষা অভিযানৰ স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে সৰ্বশিক্ষা অভিযানে স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সৰ্বশিক্ষা অভিযানে এই পদক্ষেপ লৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি আনুষ্ঠানিকভাৱে এই স্বয়ংক্...

December 16, 2025 12:03 PM December 16, 2025 12:03 PM

views 14

গুৱাহাটীৰ ৰূপনগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় মুকলি

অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয় কালি গুৱাহাটীৰ ৰূপনগৰত মুকলি কৰা হয়। পূৰ্বে পল্টন বজাৰত থকা এই কাৰ্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰাৰ পাছত পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে কালি কার্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত দিয়া ভাষণত শ্ৰীবড়োৱে কয়, যে ৪০ বছৰৰো অধিক সময়ৰ পাছত পৰিবহণ...

December 15, 2025 9:07 PM December 15, 2025 9:07 PM

views 3

লামডিঙত কাইলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব।

December 15, 2025 9:05 PM December 15, 2025 9:05 PM

views 3

ধেমাজিত অভিলাষা আঁচনিৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনৰ কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কর্মশালাখনি মিছিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য জহান দলে আৰু ধেমাজি জিলা উন্নয়ন ...

December 15, 2025 9:02 PM December 15, 2025 9:02 PM

views 6

কাছাৰৰ ৰংপুৰত শিলচৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ

কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্রাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় ৯০ হাজাৰটা বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহৰ বজাৰমূল্য আনুমানিক ২৬ কোটি টকা হ'ব বুলি প...

December 15, 2025 8:54 PM December 15, 2025 8:54 PM

views 3

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল ক...