ডাউনলোড
মোবাইল এপ

android apple
signal

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত ১০জন লোক নিহত

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন আহত হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বন্দুকধাৰী ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰজনে গুলীচালনাৰ পাছত বিদ্যালয়খনৰ শৌচাগাৰত আত্মহত্যা কৰে। স্থানীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি হতাহতসকলৰ ভিতৰত বন্দুকধাৰীসহ সকলো বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক। দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী গেৰহাৰ্ড কাৰ্ণাৰে কয় যে, বন্দুকধাৰীজন বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ আছিল আৰু এই ঘটনাৰ আঁৰৰ কাৰণ বিচাৰি আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক