ডাউনলোড
মোবাইল এপ

android apple
signal

March 10, 2025 12:20 PM | Assamese film

printer

অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ আজি ৯০ বছৰ সম্পূৰ্ণ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৫ চনৰ ১০ মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনাক থিয়েটাৰত ৰূপকোৱৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সেই মাহৰে ২০ মাৰ্চত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসমৰ জনসাধাৰণৰ বাবে ছবিখন প্ৰদৰ্শন কৰা হৈছিল। ১৭ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেটি কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সতীজয়মতী নাটকৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাই ছবিখন নিৰ্মাণ কৰিছিল।

সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অসমীয়া চলচ্চিত্ৰৰ ৯০ বছৰীয়া সোণসেৰীয়া পৰিক্ৰমা উপলক্ষে আজি দিয়া এটা বাৰ্তাত অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলো শিল্পী আৰু কলাকুশলীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ ভিতৰতে অন্যতম পুৰণি চলচ্চিত্ৰ উদ্যোগ হিচাপে পৰিগণিত অসমীয়া চলচ্চিত্র উদ্যোগটো পুনৰ উজ্জীৱীত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ নীতি গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ চলচ্চিত্ৰ উদ্যোগটোলৈ নৱজাগৰণ অনাৰ লক্ষ্যৰে চলচ্চিত্ৰৰ সৈতে জড়িত লোকসকলৰ লগতে সমূহ চলচ্চিত্র প্রেমীক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক