March 10, 2025 12:20 PM

views 13

অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ আজি ৯০ বছৰ সম্পূৰ্ণ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৫ চনৰ ১০ মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনাক থিয়েটাৰত ৰূপকোৱৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সেই মাহৰে ২০ মাৰ্চত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অসমৰ জনসাধাৰণৰ বাবে ছবিখন প্ৰদৰ্শন কৰা হৈছিল। ১৭ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেটি কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সতীজয়মতী নাটকৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালাই ছবিখন নিৰ্মাণ কৰিছিল। সাংস্...