ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সোণাপুৰ টোলগে’টত ৰাজ্যৰ বিশেষ টাস্ক ফ’ৰ্চে এখন বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে

ৰাজ্যৰ বিশেষ টাস্ক ফ’ৰ্চে আজি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগে’টত এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি বাহিনীটোৱে অভিযান চলাই বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা-সৰঞ্জাম ক্ৰয় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। গুৱাহাটীৰ ছয়মাইল অঞ্চলত আৰক্ষীয়ে বাহনখন চিহ্নিত কৰি সোণাপুৰ টোলগেট’ত বাহনখন জব্দ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৭ বছৰীয়া এজন মণিপুৰৰ যুৱকক আটক কৰে। জব্দ হোৱা বাহনখনত যুৱকগৰাকীৰ সৈতে আন দুগৰাকী কিশোৰ থকাৰ বিষয়ে আৰক্ষীয়ে সদৰী কৰে। এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।