ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 13, 2024 8:07 PM | Assam Sahitya Sabha

printer

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ দৌৰত নাই বুলি ড° ভীমকান্ত বৰুৱাৰ স্পষ্টতা

 অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাই এই নিৰ্বাচনৰ দৌৰত তেওঁ নাই বুলি স্পষ্ট কৰি দিছে । আকাশবাণী গুৱাহাটীৰ বিশেষ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত ড° বৰুৱাই কয়, যে অসম সাহিত্য সভাৰ কেইবাগৰাকীও প্রাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াই সভাৰ সভাপতিৰ পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নামিব লাগে বুলি প্ৰস্তাৱ দিছিল যদিও তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। তৎসত্ত্বেও তেওঁৰ নাম উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কালি ঘোষণা কৰা কাৰ্যত অধ্যাপকগৰাকীয়ে আশ্চৰ্য্য প্ৰকাশ কৰে।