ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 12, 2024 6:24 PM | Assam Sahitya Sabha

printer

অসম সাহিত্য সভাৰ সভাপতি পদৰ নিৰ্বাচনৰ বাবে পাঁচ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ দুবছৰীয়া কাৰ্যকালৰ বাবে পাঁচ গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম সভাপতি পদৰ নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰা হৈছে। আজি বিয়লি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন বৈঠকৰ সামৰণিত সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই সভাপতি পদৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে চূড়ান্ত কৰা এই পাঁচজনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। তেওঁলোক হৈছে– অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সাহিত্যিক বসন্ত কুমাৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, সাহিত্যিক ড০ গোবিন্দ প্ৰসাদ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক ড০ উপেন ৰাভা হাকাচাম, প্রথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, সাহিত্যিক ডº ভীমকান্ত বৰুৱা । আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে উপ- সভাপতি পদত ডº বিপিন চন্দ্ৰ কলিতা, পদুম ৰাজখোৱা আৰু চহিৰ ভূঞা প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব। প্ৰধান সম্পাদকৰ পদত অজিৎ প্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু সঞ্জীৱ শৰ্মাই প্রতিদ্বন্দ্বিতা কৰিব।