November 1, 2025 12:06 PM | Assam Sahitya Sabha

printer

নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান

 অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান কৰা হ’ব। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰাহিত্যত হ’বলগীয়া এই অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত অধ্যাপক নগেন শইকীয়া প্রবোধ্য সন্মান সদসি বৰণ্যেঃ প্ৰদান কৰিব। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়, ডিব্রুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত হ’বলগীয়া অনুষ্ঠানটোত ড° বসন্ত কুমাৰ গোস্বামী, ড° সমুদ্র গুপ্ত কাশ্যপ, ড° পীতাম্বৰ দেৱ গোস্বামী, ড° জিতেন হাজৰিকা, ড° আজিমা ঝা, ড° জ্যোতিপ্রসাদ শইকীয়া, ড° অৰূপজ্যোতি চৌধুৰী, ড° মহাদেৱ পাটগিৰি, ড° অজন্তা বৰগোহাঞি ৰাজকোঁৱৰ, ড° জিৎ সিংহানিয়া, ড° হিতেশ ডেকা, ড° নীৰোদ কুমাৰ বৰুৱাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত স্বনামধন্য সাহিত্যিকগৰাকীলৈ এই বিৰল সন্মান আগবঢ়োৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।