ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত অহা ১৭, ১৮ আৰু ১৯ মে’ত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী অহা ১৭, ১৮ আৰু ১৯ মে’ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রী বন্ধন উপ-সমিতিৰ সৌজন্যত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত চতুৰ্থ সেতুবন্ধ যাত্ৰা আৰম্ভ কৰা হ’ব। এই অনুষ্ঠানত বৰাক উপত্যকাৰ ভাষা সাহিত্য, কৃষ্টি সংস্কৃতিৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত অধ্যয়ন কৰাৰ লগতে বিশিষ্ট নাগৰিক, কবি, সাহিত্যিক, সাংবাদিক, সাংস্কৃতিক কর্মী, বুদ্ধিজীৱী আদিৰ সৈতেও মতবিনিময় কৰা হ’ব। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কসকলে অংশ ল’ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে সভাৰ প্ৰধান সম্পাদকৰ নেতৃত্বত এটা দলে ১৯ মে’ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক সাক্ষাৎ কৰি এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব। বিষয়টো সন্দৰ্ভত সভাই উপাচাৰ্যগৰাকীক এখন পত্ৰ প্ৰদান কৰিব। তদুপৰি বিশ্ববিদ্যালয়খনৰ এটি প্রেক্ষাগৃহ ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা আৰু বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ পালনৰ কাৰ্যসূচীৰ আয়োজন কৰাৰ বাবে সাহিত্য সভাৰ দলটোৱে উপাচাৰ্যগৰাকীক আহ্বান জনাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।