ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কার্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই এই কথা প্ৰকাশ কৰে। সেইমৰ্মে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাওঁ, ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰ, ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰী, ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ যোৰহাট, ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ তিনিচুকীয়া, ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰ আৰু ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। গুৱাহাটীত এইবাৰ হ’বলগীয়া অসম গ্ৰন্থমেলা পূৰ্বৰ বাৰ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ’ব। বিগত বছৰৰ দৰে গুৱাহাটীৰ খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰ ২০২৫ ৰ পৰা ৬ জানুৱাৰী ২০২৬ লৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।