অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ডেৰ শতাধিক শিশুৱে নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক ৰবিজিতা গগৈ আৰু নাট্য শিল্পী ৰাজীৱ কুমাৰ সাউদে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। মুকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক আৰু তেওঁৰ সহযোগী ৰাহিল ৰিজুয়ে প্ৰশিক্ষণ প্ৰদান কৰে। সুকুমাৰ কলাৰ কৰ্মশালাত দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত বিশিষ্ট নৃত্য পৰিচালক আৰু শিল্পী প্ৰিয়ংকা কাশ্যপ আৰু সংগীতৰ কৰ্মশালাত ধীৰাজ ডেকা, দীপক দাস আৰু বিকাশ ৰয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট নাট্যকাৰ-পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্রসাদে গুৱাহাটী শিশু মহোৎসৱৰ চলচ্চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে। মহোৎসৱত শিশু উপযোগী দুখন ছুটি ছবি প্ৰদৰ্শন কৰা হয়। বিয়লি চাৰে চাৰি বজাৰ পৰা আয়োজিত সাংস্কৃতিক কার্যসূচীত নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতন আৰু উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।