জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰা তথা ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি ৰাজ্যজুৰি সকলো থানাৰ অধীনৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা কৰা হয়। ওদালগুৰি, নলবাৰী, দৰং, বাক্সা, লখিমপুৰ, দক্ষিণ শালমাৰা, মৰিগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, ডিমা হাচাও, যোৰহাট, গোলাঘাট, নগাঁও, শিৱসাগৰকে ধৰি ৰাজ্যৰ জিলাই জিলাই জনসাধাৰণক আশ্বস্ত কৰিবলৈ আৰক্ষী বিভাগে বিশেষ টহলৰ ব্যৱস্থা কৰে। জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষীৰ কামাণ্ডো তথা অসম আৰক্ষীৰ বিষয়াসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাৰ আয়ুক্তগৰাকীয়ে এই কার্যসূচী সন্দৰ্ভত কয় যে, জনসাধাৰণৰ সৈতে নিবিড় সম্পর্ক গঢ়ি তোলাৰ লগতে তেওঁলোকৰ সমস্যা সন্দৰ্ভত অৱগত হোৱাৰ উদ্দেশ্যে আৰক্ষী বিভাগৰ তৰফৰ পৰা এই পদযাত্ৰাৰ কাৰ্যসূচী হাতত লোৱা হয়। সমাজৰ সকলো বৰ্গৰ লোককে আইন শৃংখলাজনিত কোনো সমস্যাৰ সন্মুখীন হ’লে স্থানীয় আৰক্ষী অথবা নৱগঠিত চক্ৰপৰ্যায়ৰ টাস্ক ফ’ৰ্চক অৱগত কৰিবলৈ তেওঁ আহ্বান জনায়।
Site Admin | August 26, 2024 9:03 PM | assam police petroling
ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত আজি সকলো থানাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ টহলৰ ব্যৱস্থা
