ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 19, 2025 7:04 PM | Nagon

printer

নগাঁৱত ৰাজ্যত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ তদন্ত

ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰি চাকৰি লাভ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ সন্দৰ্ভত আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দলে নগাঁৱত তদন্ত কৰে। নগাওঁ সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলটোৱে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ বাবে আবেদন কৰা একাংশ প্রার্থীয়ে জমা দিয়া নথি পত্ৰ পৰীক্ষা কৰে। উল্লেখযোগ্য যে একাংশ প্রার্থীয়ে মধ্য প্ৰদেশৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ভূৱা প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ উঠিছিল। অসমৰ ৫ খন জিলাৰ ৩১ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱাৰ পিছত ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক ইয়াৰ তদন্তৰ দায়িত্ব অৰ্পন কৰিছিল। তদন্তকাৰী দলটোৱে নগাওঁৰ উপৰি শোণিতপুৰ, হোজাই আৰু বিশ্বনাথ জিলাত এনে ধৰণৰ অনিয়ম সংঘটিত হোৱা বুলি সন্দেহ কৰিছে।