ডাউনলোড
মোবাইল এপ

android apple
signal

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বিশ্বনাথ-শোণিতপুৰ-নগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নির্দলীয় প্রার্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শোণিতপুৰবাসীক আহ্বান জনায়।

দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ টিংখং, নাহৰকটীয়াৰ উপৰি দুলীয়াজানৰ ঘাঁহী ফুকনবাৰীত আয়োজিত জনসভাত অংশ লয়। তেওঁ বিকাশৰ অনিৰুদ্ধ গতি ত্বৰান্বিত কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। এই সভাসমূহত সাংসদ ৰামেশ্বৰ তেলীৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু দলৰ নেতৃবর্গ উপস্থিত থাকে। মন্ত্ৰী কেশৱ মহন্তই আজি পুৱাৰ ভাগত ধেমাজিৰ বঙালমাৰী গাঁৱত দক্ষিণ ধেমাজি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী অতুল বৰাই আজি চাবুৱাৰ বালিজানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি যোৰহাটৰৰ খঙীয়া, নাওবৈচা, চৰাইবাহীকে ধৰি কেইবাটাও অঞ্চলত প্ৰচাৰ চলায়।

কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। সাংসদ গৌৰৱ গগৈয়ে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে।

অসম জাতীয় পৰিষদৰ হৈ আজি লুৰীণজ্যোতি গগৈয়ে ধেমাজি জিলাৰ বিষ্ণুপুৰ, লক্ষীপথাৰ, উত্তৰ ধেমাজি, জীয়াঢল আৰু বৰদলনি জিলা পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰচাৰ চলায়। তেওঁ খোৱাং সমষ্টিৰ অধীনৰ বিভিন্ন অঞ্চলতো প্ৰচাৰ সভাত অংশ লয়।

ডিব্ৰুগড় জিলাত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত অসম জাতীয় পৰিষদ দলৰ শতাধিক নেতা-কর্মীয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ইপিনে বিভিন্ন জিলা প্রশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। প্ৰশাসনসমূহে নির্বাচনী বিষয়াৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন নির্বাচনী কাম-কাজত নিয়োজিত এহেজাৰ ২০০গৰাকী কৰ্মচাৰীৰ মাজত ডাক বেলট পেপাৰ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। আজি পাঁচ শতাধিক কৰ্মচাৰীক এই বেলট পেপাৰ বিতৰণ কৰা হয়। চৰাইদেউ জিলাত নির্বাচন শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰস্তুতি প্রায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। নির্বাচনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ তত্ত্বাৱধান তথা পৰিচালনাৰ বাবে গঠন কৰা নিৰ্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। ইপিনে, পঞ্চায়ত নির্বাচন শান্তিপূর্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্রশাসনে নির্বাচন অনুষ্ঠিত হ’বলগীয়া প্ৰায়বোৰ জিলাতে ৩০ এপ্ৰিলৰ বিয়লি চাৰে চাৰি বজাৰ পৰা ২ মে’ৰ বিয়লি চাৰে চাৰি বজালৈ সুৰা নিষিদ্ধ কৰিছে। এই সময়ছোৱাত সুৰাৰ বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে। তিনিচুকীয়া জিলা আয়ুক্তই আজি এই বিষয়ে নিৰ্দেশ জাৰি কৰিছে। মৰিগাঁও জিলা প্ৰশাসনে অহা ৭ মে’ত হ’বলগীয়া নিৰ্বাচনৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক