April 28, 2025 8:36 PM

views 24

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বিশ্বনাথ-শোণিতপুৰ-নগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নির্দলীয় প্রার্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শোণিতপুৰবাসীক আহ্বান জনায়। দল...