পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্রজোঁটে অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। নির্বাচন আয়োগে এতিয়ালৈকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও জিলা আয়ুক্তসকলে প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলসমূহে জিলা পৰিষদৰ মুঠ ৩৯৭ খন আসনৰ ৩০০ খনত জয়লাভ কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ ২,১৯২ খন আসনৰ ১,৪৩৬ খনত জয়লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বৃহৎ জয়ৰ বাবে সকলোকে ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ এই আস্থা আৰু বিশ্বাস ২০২৬ চনৰ নির্বাচনতো প্রতিফলিত হ’ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ নীতিৰ বাবে পঞ্চায়ত নিৰ্বাচনত এনে বৃহৎ সফলতা লাভ কৰাটো সম্ভৱ হ’ল। অনাগত দিনত অসমত গ্রামোন্নয়নৰ বিকাশৰ জয়যাত্ৰাই বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত বিশেষ অৰিহণা যোগাব বুলি শ্ৰীসোণোৱালে আশা ব্যক্ত কৰে।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এ আই ইউ ডি এফে আজি হাটশিঙিমাৰীত এখন সংবাদমেলৰ আয়োজন কৰে। দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামে মানকাচৰকে ধৰি ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফে লাভ কৰা আসনৰ সংখ্যা কম যদিও পূৰ্বৰ তুলনাত ভোটৰ সংখ্যা বৃদ্ধি পাইছে বুলি দাবী কৰে। তেওঁ লগতে ফেকামাৰী জিলা পৰিষদত এ আই ইউ ডি এফ সমৰ্থিত প্ৰাৰ্থী ৱাহিদুৰ ৰহমান জয়লাভ কৰাৰ কথা প্ৰকাশ কৰে।