অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ’ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শ‍ইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক পুনৰ প্ৰাৰ্থীত্ব দিয়াৰ লগতে বড়োলেণ্ড পিপলছ ফ্রণ্টে বিধায়ক দুৰ্গাদাস বড়োক এই পৰ্যায়ৰ বাবে দলৰ টিকট প্ৰদান কৰিছে। এ আই ইউ ডি এফ আৰু তি এম চিয়েও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্রার্থী থিয় কৰাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।