ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 10, 2024 1:06 PM | Assam | Mizoram

printer

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ সন্দৰ্ভত মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত

অসম মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কালি দুয়োখন ৰাজ্যৰ মাজত এখন মন্ত্ৰীপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা তথা মিজোৰামৰ গৃহমন্ত্রী কে সপদাংগাৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধনৰ লক্ষ্যৰে এখন যুটীয়া বিবৃতি স্বাক্ষৰিত হয়। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমান্তত শান্তি স্থাপন আক সংঘাত ৰোধৰ বাবে আৰম্ভ কৰা সদিচ্ছা অভিযানৰ ভিত্তিত যৌথ বিবৃতিখনত দুয়োটা পক্ষই স্বাক্ষৰ কৰে। বিবৃতিত উল্লেখিত প্ৰস্তাৱ অনুসৰি দুয়োখন ৰাজ্যই নিজ নিজ সীমান্তত সমন্বয় বজাই ৰখাৰ বাবে যৌথভাৱে সাংস্কৃতিক আক ক্রীড়া উৎসৱৰ আয়োজন কৰিব। এই অনুষ্ঠানসমূহ অহা বছৰৰ ৩১ জানুৱাৰীৰ পূৰ্বেই আৰম্ভ হ’ব। তদুপৰি সীমান্ত সমস্যা সৌহার্দ্যপূর্ণভাৱে সমাধানৰ লক্ষ্যৰে দুয়োখন চৰকাৰৰ মন্ত্ৰী তথা চৰকাৰী বিষয়াসকলে ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত কৰিব। সেই অনুসৰি অহা ৩১ মাৰ্চৰ পূৰ্বে গুৱাহাটীত পৰৱৰ্তী মন্ত্রীপৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত কৰা হ’ব। ইপিনে কালিৰ এই বৈঠকত দুয়োখন ৰাজ্যই বহিঃ ৰাষ্ট্ৰৰ পৰা হোৱা চুপাৰিৰ চোৰাং সৰবৰাহ প্রতিবোধ কৰাৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্রহণ কৰা, সীমান্তৱৰ্তী জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ নিয়মিত বৈঠক অনুষ্ঠিত কৰা আৰু সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ লোকৰ সহযোগিতা তথা আস্থা আদায় কৰাত গুৰুত্ব দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।