July 17, 2025 12:32 PM | assam je death

printer

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া-জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, স্বাস্থ্য বিভাগৰ সজাগতামূলক কাৰ্যসূচী

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী লৈছে। উজনি অসমৰ গোলাঘাট, ধেমাজি আৰু শোণিতপুৰৰ লগতে নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙকে ধৰি কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্ৰান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ কমেও ২৫০ লোক এই ৰোগত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত ২৬ জন লোকৰ মৃত্যু হৈছে। চিৰাং জিলাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগত চলিত বছৰত কালি পৰ্যন্ত ৪১১ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ৪০৫ জন মেলেৰীয়াত আৰু ছজন লোক এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে জিলাখনত ঔষধযুক্ত আঁঠুৱা বিতৰণৰ লগতে প্ৰতিষেধক স্ত্ৰে কৰা, ধোঁৱা দিয়া আৰু সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। কাৰ্বি আংলঙত এই ৰোগত আক্ৰান্ত হৈ দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱায়। বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ ৯ টি শিশু চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। হোজাই জিলাত ৩ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। আটাইকেইজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনৰ স্বাস্থ্য বিভাগে এই ৰোগৰ উপৰি মেলেৰীয়া ৰোগৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে।