July 17, 2025 12:32 PM

views 17

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া-জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, স্বাস্থ্য বিভাগৰ সজাগতামূলক কাৰ্যসূচী

ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰীয়া আৰু জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী লৈছে। উজনি অসমৰ গোলাঘাট, ধেমাজি আৰু শোণিতপুৰৰ লগতে নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙকে ধৰি কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত বহুলোক আক্ৰান্ত হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাতো কেইবাগৰাকীও লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যত এতিয়ালৈ কমেও ২৫০ লোক এই ৰোগত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। এই ৰোগৰ ফলত ২৬ জন লোকৰ মৃত্যু হৈ...