ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ল’বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটিছে।
মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত পৰম্পৰা অনুসৰি ফল্গূৎসৱ উদযাপন কৰা হয়। বেঙেনাআটি আৰু চামগুৰি সত্ৰত এই মহোৎসৱ ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। চামগুৰি সত্ৰৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত নাম-কীর্তন, গোসাঁই ফুৰোৱাৰ অন্তত সন্ধিয়া ভাওনা আয়োজন কৰা হৈছে। কাইলৈ ফাকুৱা ফুৰোৱাৰ পাছত সন্ধ্যালৈ এই উৎসৱৰ সামৰণি পৰিব।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰে দৌল উৎসৱ পালন কৰা হয়৷
গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাকে ধৰি প্ৰায়বোৰ জিলাতে আজি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বাক্সা জিলাৰ জলাহৰ শ্ৰীশ্ৰীবুঢ়াগোহাঁই কীৰ্তন ঘৰত দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। অন্তিম দিনৰ কাৰ্যসূচীৰ অন্ত হিচাপে বিয়লি গোসাঁইক উৎসৱস্থলীৰ পৰা পথাৰলৈ লৈ অনা হয়। গোসাঁইক কীৰ্তন ঘৰৰ চাৰিওফালে ৭ বাৰ প্ৰদক্ষিণ কৰাৰ অন্তত গৃহ প্ৰৱেশৰ নাম মঞ্চস্থ কৰা হয়। ইয়াৰ পাছত শ্ৰীকৃষ্ণই গৃহপ্ৰৱেশৰ প্ৰাকক্ষণত বাঁহ ভঙা কার্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া নাগাৰা নামৰ কাৰ্যসূচীৰে ৩ দিনীয়াকৈ আয়োজিত দৌল মহোৎসৱৰ সামৰণি পৰে।
শোণিতপুৰৰ বালিপাৰাৰ এৰাগাঁৱৰ শ্ৰীশ্ৰীকমলাবাৰী শাখা সত্ৰতো দৌল উৎসৱৰ সৈতে সংগতি ৰাখি গোসাঁই ফুৰোৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ভক্তসকলে নাম প্ৰসংগৰে নামঘৰৰ পৰা গোসাঁইক উলিয়াই সত্ৰৰ পৰা বালিপাৰা চেণ্টাৰলৈ পৰিভ্ৰমণ কৰে।