March 15, 2025 7:10 PM

views 14

ৰাজ্যৰ ভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা-দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটিছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত পৰম্...