ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব

● ২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকে বিশেষ নির্দেশনা জাৰি কৰিছে। ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক সকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে দিয়া এটা নির্দেশনাত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ ফলত দীর্ঘদিনে বিনা বেতনে শিক্ষকতা কৰি ২০১৩ চনত প্ৰাদেশিকৰণ হোৱাৰ পিছত অতি কম সময় চাকৰি নিখিত দৰমহা লাভ কৰা শিক্ষকসকলৰ উপকৃত হ’ব।