ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত; সম্প্ৰতি ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক বানৰ কবলত আছে

■ ৰাজ্যখনত বান পৰিস্থিতি কিছু উন্নত হ’লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও ৯০টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৭০০ ৰো অধিক গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৫ জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি পাইছে। ইফালে ২৪০টা আশ্রয় শিবিৰত ৪৮ হাজাৰতকৈ অধিক বন্যার্তই আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ ফলত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা ১৬৩ লৈ বৃদ্ধি পাইছে। আনহাতে ১৩৫টা বন্যপ্রাণী উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখন কর্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ৯টা গঁড়, ১৩৫টা পহুকে ধৰি মুঠ ১৬৩টা বন্যপ্ৰাণীৰ বানপানীত মৃত্যু হৈছে। উদ্যানখনৰ ২৩৩টা বন শিবিৰৰ ভিতৰত ৫১টা বন শিবিৰ বানৰ কবলত আছে। এই বানৰ ফলত উদ্যানখনৰ ভিতৰত কেইবাখনো দলং ভাঙি পৰাৰ সমান্তৰালকৈ কিছুসংখ্যক জীৱকূল কাৰ্বি পাহাৰৰ পৰা পুনৰ উদ্যানলৈ উভতি আহিছে বুলি জিলা বন বিষয়া অৰুণ ভিগনেছে প্রকাশ কৰিছে।
ইপিনে বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত বেঁকী নদীৰ পানীয়ে খহাই নিয়া ২ নম্বৰ ৰাজ্যিক ঘাইপথটো পুনৰ যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে। অৱশ্যে মাত্ৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনকহে যাতায়াত অনুমতি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ৫ দিন পূৰ্বে পথটোৰ এটা বৃহৎ‍ অংশ কাষেৰে বৈ যোৱা নদীয়ে খহাই নিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।