বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বানত ৫জন লোকে প্ৰাণ হেৰুৱাইছে

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। প্ৰায়বোৰ নৈৰ জলস্তৰ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত ৫জন লোকে প্ৰাণ হেৰুৱায়। এইবাৰৰ বানত ৰাজ্যখনৰ কৃষিভূমি, কৃষি, পুখুৰীৰ লগতে পথ, দলং আৰু কালভার্ট আদি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত পথ যোগাযোগ ব্যাহত হোৱাৰ লগতে পানীৰ সোঁতে বহু দলং ভগা পথ আৰু মথাউৰি উটুৱাই নিয়ে। পৰিস্থিতি কিছু উন্নত হ’লেও ৰাজ্যখনৰ ২৭খন জিলাৰ ১৪ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। জিলা প্রশাসনসমূহে ক্ষতিগ্রস্ত লোকসকলক খাদ্যৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ ফলত ১৬০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে।