ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্রতিক বানত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১১ খন জিলাত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত ২৫টা ৰাজহ চক্ৰৰ মুঠ ৫৬০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু ৪ হাজাৰ ৯০০ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতি কৰিছে। কাছাৰ, কৰিমগঞ্জ আৰু নগাঁও জিলাত বানৰ ফলত সৰ্বাধিক ক্ষতি হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাসমূহত ১৪৮টা আশ্রয় শিৱিৰ আৰু ৩৯টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে ৷ কপিলী, বৰাক, কাটাখাল আৰু কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।