January 5, 2026 12:49 PM | Assam Election

printer

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজিৰেপৰা ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচীৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ মন্ত্রী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদৰ সদস্যকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ ল’ব। মুখ্যমন্ত্রী ড° শৰ্মাই সমাগত বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ১০৩ টা সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁ এইক্ষেত্ৰত ৰাজ্যৰ মহিলাসকলে বিশেষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি বিজেপিয়ে ৰাজ্যৰ মহিলাসকলক উত্তৰণৰ এটা বিশেষ পৰ্যায়লৈ লৈ গৈছে বুলি মন্তব্য কৰে।

অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি এখন সংবাদমেলত শ্ৰীবৰুৱাই ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আৰু পঞ্চায়তত বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইপিনে, সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব দিছে। শ্ৰী গগৈয়ে কালি ঢকুৱাখনাত যুৱ কংগ্ৰেছে আয়োজন কৰা এটা বিশেষ কাৰ্যসূচীত অংশ লয়। তেওঁ ঢকুৱাখনা মিনি ষ্টেডিয়ামৰ পৰা প্ৰায় দুই কিলোমিটাৰ এটা পদযাত্ৰাত অংশ লয়। এই পদযাত্ৰাত লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বৰুৱা, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জুবে এনাম মজুমদাৰকে ধৰি দলটোৰ ভালেসংখ্যক নেতাকর্মীয়ে অংশগ্ৰহণ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।