অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘বৰগীতৰ সাংগীতিক পৰম্পৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আজি অসমৰ প্ৰখ্যাত প্ৰকাশক পাঠ্যপুথি প্ৰণেতা আৰু শংকৰী সাহিত্যৰ গৱেষক, সম্পাদক হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত আৰু প্ৰকাশিত বৰগীতৰ হীৰক জয়ন্তী উপলক্ষে স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰগীতৰ সাংগীতিক পৰম্পৰা শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশ লৈ প্ৰবীন সংগীতজ্ঞ আৰু গৱেষক ড০ পবিত্ৰ প্ৰাণ গোস্বামীয়ে কয়, যে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত আৰু অংকীয়া নাটত ব্যৱহৃত সকলো গীতকে সামৰি লৈ হৰিনাৰায়ণ দত্ত বৰুৱাই সম্পাদনা কৰা বৰগীতে অসমীয়া সংগীতৰ এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰিছে। অনুষ্ঠানত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰে উদ্বোধনী ভাষণ প্ৰদান কৰি হৰিনাৰায়ণ দত্ত বৰুৱাৰ জ্ঞান, স্পৃহা তথা দাৰ্শনিক দিশৰ কথা আলোচনা কৰা হয়। এই অনুষ্ঠানতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই হৰিনাৰায়ণ দত্ত বৰুৱা : জীৱন আৰু কৃতি শীৰ্ষক এটা প্ৰবন্ধ সংকলন উন্মোচন কৰে। চলচ্চিত্র বিষয়ক গৱেষক আৰু চিত্ৰনিমাৰ্তা পার্থজিৎ বৰুৱাই হৰিনাৰায়ণ নামৰ তথ্যচিত্ৰৰ প্ৰথম প্ৰদৰ্শনী উন্মোচন কৰে। সভাত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে বৰগীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰে।