May 13, 2025 8:21 PM

views 13

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘বৰগীতৰ সাংগীতিক পৰম্পৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আজি অসমৰ প্ৰখ্যাত প্ৰকাশক পাঠ্যপুথি প্ৰণেতা আৰু শংকৰী সাহিত্যৰ গৱেষক, সম্পাদক হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত আৰু প্ৰকাশিত বৰগীতৰ হীৰক জয়ন্তী উপলক্ষে স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰগীতৰ সাংগীতিক পৰম্পৰা শীৰ্ষক বক্তৃতা অনুষ্ঠানত অংশ লৈ প্ৰবীন সংগীতজ্ঞ আৰু গৱেষক ড০ পবিত্ৰ প্ৰাণ গোস্বামীয়ে কয়, যে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি বৰগীত আৰু অংকীয়া নাটত ব্যৱহৃত সকলো গীতকে সামৰি লৈ হৰিনাৰায়ণ দত্ত বৰুৱাই সম্পাদনা কৰা বৰগীতে অসমীয়া সংগীতৰ এটা সুকীয়া ধাৰাৰ সৃষ্টি ...