ৰাজ্যৰ উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমে আদা, লিচু, মাটিকঁঠাল, কাজি নেমু, ৰঙালাউ, জহা চাউলকে ধৰি ৰাজ্যত উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কাৰ্বি আংলঙৰ খেতিয়কে উৎপাদন কৰা ১০ মেট্রিক টন আদা কাটাৰ আৰু ওমানলৈ ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ জেৰ টানি এই কথা সদৰি কৰে। লণ্ডনৰ বজাৰত তেজপুৰৰ লিচু, কাজি নেমুৱে বিশেষ স্থান দখল কৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত উৎপাদিত জৈৱিক সামগ্ৰীয়ে বিশ্বৰ ১৮খন দেশত সমাদৰ লাভ কৰিছে। প্ৰতি বছৰে ৰপ্তানিৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা এই তথ্যত প্ৰকাশ পাইছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৫-২৬ বৰ্ষত ৰাজ্যত উৎপাদিত জৈৱিক সামগ্ৰী ৰপ্তানিৰ পৰিমাণ কমেও ৩ হাজাৰ ২০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ আফ্রিকা, ডুবাই, লণ্ডনলৈ কল, আদা, নেমু আদিৰ ৰপ্তানিও ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। কৃষি মন্ত্ৰালয়ৰ প্ৰতিবেদন মতে এই সামগ্ৰীসমূহ জৈৱিক পদ্ধতিৰে উৎপাদন হোৱা বাবেহে ইয়াৰ সমাদৰ বৃদ্ধি পাইছে। অসমৰ পৰা ইতিমধ্যে দক্ষিণ আফ্ৰিকালৈ ১০০ মেট্রিক টন জৈৱিক ক’লা চাউল ৰপ্তানি কৰা হৈছে। একেদৰে অলপতে বিহাৰলৈ ৮৭ মেট্রিক টন জৈৱিক কল ৰপ্তানি কৰা হৈছে। ২০২৩-২৪ বৰ্ষত ডুবাইলৈ ৪২ মেট্রিক টন মাটি কঠাল, ১০ মেট্রিক টন আদা ৰপ্তানি কৰা হৈছিল আৰু তেতিয়াৰে পৰা সেই দেশত অসমৰ মাটিকঁঠাল আৰু আদাৰ সমাদৰ বাঢ়িছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।