মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি দল গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্রীসভাই পহিলা অক্টোবৰৰ পৰা প্রযোজ্য হোৱাকৈ গাঁওপ্রধানসকলৰ দৰমহা বৰ্তমানৰ ৯ হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। বনাঞ্চলৰ গাঁওসমূহৰ গাঁও প্রধানসকলেও এই বৰ্ধিত দৰমহা লাভ কৰিব। ২০২৫-২৬ বৰ্ষৰ বাজেটত কৰা ঘোষণা অনুযায়ী এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। মন্ত্রীসভাই ৰাজ্যৰ বিভিন্ন সত্ৰত বাস কৰা যোগ্য উদাসীন ভকতসকলক মাহিলি বৃত্তি হিচাপে পোন্ধৰশ টকাৰ বিত্তীয় সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক ক্ৰমে আঠ হাজাৰ আৰু চাৰি হাজাৰ টকালৈ বৃদ্ধিত অনুমোদন দিয়া হৈছে। মন্ত্রীসভাই পহিলা নৱেম্বৰৰ পৰা ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষার্থীসকলক প্রতি মাহে ৩০০ টকাকৈ প্ৰদানৰ উদ্দেশ্যে প্ৰেৰণা আঁচনি ৰূপায়ণতো অনুমোদন জনাইছে।
Site Admin | July 10, 2025 11:20 PM | assam cabinet cm himanta biswa
অসম মন্ত্ৰীসভাৰ বৈঠকত গাঁওপ্ৰধানৰ দৰমহা বৃদ্ধি, গজমিত্ৰ আঁচনি ৰূপায়ণ, অংগনৱাড়ী কৰ্মী-সহায়িকাৰ পাৰিতোষিক বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ