July 10, 2025 11:20 PM

views 14

অসম মন্ত্ৰীসভাৰ বৈঠকত গাঁওপ্ৰধানৰ দৰমহা বৃদ্ধি, গজমিত্ৰ আঁচনি ৰূপায়ণ, অংগনৱাড়ী কৰ্মী-সহায়িকাৰ পাৰিতোষিক বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি দল গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্রীসভাই পহিলা অক্টোবৰৰ পৰা প্রযোজ্য হোৱাকৈ গাঁওপ্রধানসকলৰ দৰমহা বৰ্তমান...