অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি নৱম দিনা গ্রন্থপ্ৰেমীৰ সমাগম হ’ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে। আজি বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্রতি বছৰৰ দৰে বহু গ্রন্থপ্ৰেমীয়ে নিজৰ পছন্দৰ কিতাপখন ক্ৰয় কৰাৰ বাবে গ্ৰন্থমেলাথলীত উপস্থিত হ’ব। আজি বিয়লি আঢ়ৈ বজাত গ্রন্থমেলাথলীত ‘গল্পগাঁথা’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰিব। অনুষ্ঠানটি বিশিষ্ট গল্পকাৰ, কবি অতনু ভট্টাচাৰ্যই পৰিচালনা কৰিব। বিয়লি ৫ বজাৰ পৰা আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি বছৰৰ অন্তিমদিনাও শীতকো নেওচি গ্রন্থমেলাথলীত অগণন লোকে ভিৰ কৰে। কালি দিনৰ ১ বজাত গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীর্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটো লেখক, গৱেষক তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই পৰিচালনা কৰে। বিয়লি ৩ বজাত কবি অনুভৱ তুলসী সোঁৱৰণি কবি সন্মিলন অনুষ্ঠিত হয়। কবি, লেখক, বিজ্ঞানী, বিপুলজ্যোতি শইকীয়াই এই সন্মিলন সঞ্চালন কৰে। সন্ধিয়া ৫ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
Site Admin | January 1, 2026 1:08 PM | Assam Book Fair
গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান