অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ মেলাৰ আজি অষ্টম দিনা দিনৰ ১ বজাত গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটো লেখক, গৱেষক তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই পৰিচালনা কৰিব। বিয়লি ৩ বজাত কবি অনুভৱ তুলসী সোঁৱৰণি কবি সন্মিলন অনুষ্ঠিত হ’ব। কবি, লেখক, বিজ্ঞানী, বিপুলজ্যোতি শইকীয়াই এই সন্মিলন সঞ্চালন কৰিব। সন্ধিয়া ৫ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
গ্রন্থমেলাত কালি অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান শীৰ্ষক এখন আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট ইতিহাসবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে আলোচনাসত্ৰখন উদ্বোধন কৰে। এই অনুষ্ঠানত লেখক তথা জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱা, প্রকৃতিবিদ, লেখক সৌম্যদীপ দত্ত, জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা, দেৱীকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰজ্যোতি নাথে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই পৰিচালনা কৰে।