অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠ দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা: সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হৈছে। আলোচনা সত্রখন বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উদ্বোধন কৰে আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সঞ্চালনা কৰে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিমল মজুমদাৰ আৰু ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লিপিকা তালুকদাৰে আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিয়লি ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে।
গ্রন্থমেলাত কালি বছৰৰ অন্তিমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ সমাবেশত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। গ্ৰন্থ মেলাৰ পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়।