ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 14, 2025 12:09 PM | Assam Book Fair

printer

অসম গ্ৰন্থমেলাৰ যোৰহাট সংস্কৰণৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্য চৰকাৰে পালন কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক বিক্রেতা সন্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাৰ যোৰহাট সংস্কৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলা ক্রীড়া সন্থাৰ খেলপথাৰত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে আজিৰেপৰা দহদিনীয়াকৈ এই গ্রন্থমেলা অনুষ্ঠিত হব। আজি বিয়লি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্রুবজ্যোতি বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্রাধ্যাপক, শিশু সাহিত্যিক ড° কৰৱী ডেকা হাজৰিকা, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ আৰু অভিধান প্রণেতা সুমন্ত চলিহাৰ লগতে বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ গ্রন্থমেলাথলীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ° ভূপেন হাজৰিকাৰ গীতত অসমৰ জনজীৱনশীর্ষক এখন গুৰুত্বপূর্ণ আলোচনাসত্র অনুষ্ঠিত হব। ২৩ নৱেম্বৰত গ্ৰন্থমেলাৰ সামৰণি পৰিব বুলি এটা বিজ্ঞপ্তিযোগে অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিছে। ইয়াৰ পূৰ্বে বঙাইগাঁও আৰু লখিমপুৰত অসম গ্ৰন্থমেলাৰ চলিত বৰ্ষৰ দুটা সংস্কৰণ সফলতাৰে সম্পন্ন হয়।