January 19, 2026 12:33 PM | Assam Book Fair

printer

দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ আৰম্ভ

 দুলীয়াজানত ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ সপ্তদশ সংস্কৰণ কালি আৰম্ভ হৈছে। অহা ২৪ জানুৱাৰীলৈ হ’বলগীয়া এই গ্রন্থমেলা দুলীয়াজান সাহিত্য সভাৰ সভাপতি তথা গ্রন্থমেলা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অজিত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ মুকুল চন্দ্র বৰাই গ্ৰন্থমেলাৰ দ্বাৰ আনুষ্ঠানিকভাবে মুকলি কৰে। গ্রন্থ উন্মোচনী অনুষ্ঠানত অণু শইকীয়াৰ শিশু গ্রন্থ আইতাৰ একুঁকি সাধু, বীণা বিশ্বাসৰ গল্প সংকলন গল্পৰ মূৰৰ কথা উন্মোচন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।