January 2, 2026 12:33 PM | Assam Book Fair

printer

বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী

 ইংৰাজী নৱবৰ্ষৰ কালি পহিলা দিনটোত অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পৃথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্রন্থ মেলাত গ্ৰন্থপ্ৰেমীৰ বিপুল সমাগম দেখা যায়। বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্রী হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। যোৱা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ প্ৰতি গ্রন্থপ্রেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে বুলি অসম প্রকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্রকাশ কৰিছে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষক ৰাজ্য চৰকাৰে গ্ৰন্থবর্ষ হিচাপে অভিহিত কৰি অসমৰ বিভিন্ন ঠাইত অসম গ্ৰন্থমেলাৰ আয়োজন কৰিছে। গুৱাহাটীত আয়োজিত অসম গ্ৰন্থমেলাৰ আজি দশম দিনা, বিয়লি প্ৰকাশন পৰিষদৰ জুবিন গাৰ্গ সোঁৱৰণি অস্থায়ী প্রেক্ষাগৃহত সাহিত্য আলচ শীর্ষক এখন লেখক পাঠক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহ জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু বিশিষ্ট লেখক নোমল মাহাত্তাই উদ্বোধন কৰিব। অসমীয়া প্রতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে অনুষ্ঠানটো সঞ্চালনা কৰিব।

গ্রন্থমেলাথলীত কালি বিয়লি ‘গল্পগাঁথা’ শীর্ষক গল্পৰ এটা সৃষ্টিশীল আলোচনাচক্র অনুষ্ঠিত হয়। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্রুবজ্যোতি বৰাই উদ্বোধন কৰে।

বিশিষ্ট গল্পকাৰ, কবি অতনু ভট্টাচাৰ্যই পৰিচালনা কৰা অনুষ্ঠানটিত গল্পকাৰ অপূর্ব কুমাৰ শইকীয়া, প্রশান্ত কুমাৰ দাস, শিৱানন্দ কাকতি, বিতোপন বৰবৰা, অপু ভৰদ্বাজ, মনস্বিনী ৰুণুমী মহন্ত প্রমুখ্যে ভালেসংখ্যক লেখক-লেখিকাই অংশগ্রহণ কৰে।