কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত অসম আৰু মেঘালয়ৰ জৰীপ দল, প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰীসকলে দুয়োখন ৰাজ্যৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ কৰিছে। হাহিমৰ ৰংথালি গাঁৱৰ পৰা গিজাং নৈৰ পাৰে পাৰে স্তম্ভ স্থাপনৰ কাম আৰম্ভ হৈছে। ৰাজ্য দুখনৰ মাজত দীৰ্ঘদিন ধৰি থকা সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত বিবাদমান এলেকাসমূহ চিহ্নিত কৰা হৈছিল। দুয়োখন ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ নেতৃত্বত বহু আলোচনাৰ মাজেৰে ১২টা এলেকা চিহ্নিত কৰা হৈছিল। ইয়াৰে প্ৰথম পৰ্যায়ত ২০২২ চনৰ ২৯ মার্চ পর্যন্ত হাহিম, গিজাং, তাৰাবাৰী, বকলাপাৰা, খানাপাৰা-পিলিংকাটা আৰু বাটাছেৰা এলেকাৰ সীমা বিবাদ নিষ্পত্তি কৰা হয়। পৰৱৰ্তী সময়ত যোৱা ২ জুনত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হৈ ১৫ আগষ্টৰ পূৰ্বে এই সীমা বিবাদ নিষ্পত্তি হোৱা এলেকাসমূহত সীমা স্তম্ভ স্থাপনৰ সিদ্ধান্ত লয়।
Site Admin | July 3, 2025 7:01 PM | assam and maghlaya
অসম আৰু মেঘালয়ৰ সীমাৰ স্তম্ভ স্থাপনৰ কাম আৰম্ভ